ৰংপুৰ নগৰ আৰু ইয়াৰ কীৰ্ত্তি চিহ্ণ সমূহ

স্বৰ্গদেও \ëÿPùâaÛbbÙÿ  তেখেতৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে জেৰেঙা পুখুৰীত এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰতে এটা দ’ল বন্ধোৱালে ৷এই পুখুৰীকেই জয়সাগৰ পুখুৰী বুলি কোৱা হয় ৷ এই পুখুৰীৰ উত্তৰ পাৰে ১৬২১ শকৰ ১২ আঘোনৰ দিনা (ইংৰাজী ১৬৯৯ চন) স্বৰ্গদেও \ëÿPùâaÛbbÙÿ  টেঙাবাৰীত ৰংপুৰ নগৰ প্ৰতিস্ঠা কৰিছিল ৷তেতিয়াই স্বৰ্গদেৱে ৰংঘৰ সজাই ৰং-ৰহইচ কৰি নগৰ লোৱাৰ বাবে ৰংপুৰ থয় ৷ UºÞýXáR â^VaáB\ #á\ëRB\\  Pâ¤üïíR \Ùÿ  #Vস্হিত ৰংপুৰ নগৰৰ পুৰণি নাম মেটেকা ৷

ৰংঘৰৰ  :
ৰংপুৰ নগৰলৈ আহিলে প্ৰথমেই চকুত পৰে ট্ৰাঙ্ক ৰোডৰ কাষত পথাৰৰ মাজত সগৌৰৱে থিয় হৈ থকা ৰঙা ইটাৰ সুন্দৰ ঘৰটো ৷ ঘৰটোৰ কাষতে থকা পথাৰখনৰ নাম \ëSbã  পথাৰ ৷ এই \ëSbã  পথাৰত স্বৰ্গদেও \ëÿPùâaÛbbÙÿ  হাতীৰ যুঁজ, ম’হৰ যুঁজ, বাঘ-ঘোঙৰ খেল আদি চাবৰ বাবে শালকাঠৰ এটা চাংঘৰ সজাইছিল ৷ এয়াই আছিল প্ৰথম ৰংঘৰ ৷ ইয়াৰ পিছত ১৭৪৬ শকত স্বৰ্গদেও প্ৰমত্ত সিংহই বৰ্ত্তমান অক্ষত অৱস্হাত থকা পকী ৰংঘৰটো সজাই ৷ এই ৰংঘৰটোক এছিয়া মহাদেশৰ প্ৰথম পেভেলিয়’ন আখ্যা দিব পাৰি ।

তলাতল ঘৰ বা কাৰেং ঘৰ :
 ৰংঘৰৰ পূবত তলাতল ঘৰ বা কাৰেং ঘৰ ৷ এই কাৰেং ঘৰ ৰজাৰ নগৰৰ ভিতৰত অথাৎ চাৰিওফালে ওঠৰ হাত ওখ ইটাৰে গড়েৰে আবৃত অঞ্চলত অবস্হিত ৷ ৰংপুৰ নগৰ ভিতৰত থকা ৰজাৰ নগৰত প্ৰৱেশ কৰিবলৈ তিনিখন দুৱাৰ আছিল ৷ইয়াৰে দক্ষিণৰ দুৱাৰ খনৰ নাম বৰ-দুৱাৰ, পূবৰ খনৰ নাম পানী দুৱাৰ, পশ্চিমৰ খনৰ নাম আছিল ন-দুৱাৰ ৷ ৰজাৰ নগৰখনৰ মাটি-কালি আছিল ৪২৩ পুৰা ৩ বিঘা ২ কঠা ৮ লোচা ৷

১৭৬৫ খৃষ্টাব্দত স্বৰ্গদেও ৰাজেশ্বৰ সিংহই এটা সাত মহলীয়া তলাতল ঘৰ বা কাৰেংঘৰ সজাইছিল । এই ঘৰটোৰ মাটি তলত তিনি মহলা #á\ëý মাটিৰ ওপৰত চাৰি মহলা আছিল ৷ (বৰ্তমান তলৰ মহলা বুৰলৈ সোমাব নোৱাৰি ।) এই তলাতল ঘৰৰ পৰা  মাটিৰ তলেদি দুটা সুৰঙ্গ আছিল ৷ ইয়াৰে এটা দিখৌ নদীলৈ #á\ë আনটো গড়গাঁৱৰ কাৰেংঘৰ পৰ্য্যন্ত বিস্তৃত আছিল ।ৰজাৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ণ সমূহৰ ভিতৰত গোলাঘৰ বা খাৰঘৰটোও এটা উল্লেখযোগ্য ইটাৰ ঘৰ ৷ এইটো ঘৰতে ৰজাঘৰীয়া খাৰ-Uá\ëP, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল । ১৭০৪ শকত স্বৰ্গদেও \ëÿPùâaÛbbÙÿ  এই ঘৰটো নিৰ্মাণ কৰাইছিল । এই খাৰঘৰটোও বৰ্ত্তমানেও অক্ষত অৱস্হাত আছে ৷ তলাতল ঘৰৰ গাতে লাগি আছে এটা পখুৰী ৷ ইয়াক মিঠা পুখুৰী বোলে ৷ প্ৰকৃততে এইটো পানী থোৱা পকী ঘৰহে ৷ জয়সাগৰ পুখুৰী পৰা এই পানী ঘৰলৈ পকী নলীৰে অনা হৈছিল ৷ 

No comments:

Post a Comment