শিৱসাগৰ পুখুৰী অাৰু শিৱদ'ল

শিৱসাগৰ  পুখুৰীটোটো সমগ্ৰ অসমৰ ভিতৰতে এটা উল্লেখযোগ্য পুখুৰী ৷(স্বৰ্গদেও শিৱ সিংহৰ পত্নী অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া বুঢ়াগোহাঞি ৱাৰীত এই পুখুৰীটো খন্দাইছিল ৷) এই পুখুৰীটো ১৬৫৫ শকৰ জেঠ মাহৰ ১৮ তাৰিখ বৃহস্পতি বাৰৰ দিনা খান্দিবলৈ আৰম্ভ কৰি ১৬৫৬ শকৰ বহাগ মাহৰ ৬ তাৰিখ বৃহস্পতি বাৰে সম্পূৰ্ণ কৰা হয় ৷ পাৰৰে সৈতে পুখুৰীটোৰ মাটি কালি ১৯৪ পুৰা ২বিঘা ২কঠা ২লোচা ৷এই শিৱসাগৰ পুখুৰী আৰু দ'লকেইতাৰ চাৰিও দিশে একোতা বৃহৎ যমুনা আছে ৷ যমুনাবোৰ বৰ্তমান কিছুঅংশ পোত গৈছে ৷ যমুনাবোৰৰ লগত পুখুৰীৰ পানীৰ সম্পৰ্ক আছিল ।
শিবসাগৰৰ  পুখুৰীৰ চাৰিও পাৰক বিভিন্ন নামেৰে নামাকৰণ কৰা হৈছিল ৷ শিবসাগৰৰ  পুখুৰীৰ পূৱ পাৰৰ নাম চেৰেকাপাৰ, পশ্চিমৰ পাৰটোৰ নাম কাথপাৰ, উত্তৰ পাৰটোৰ নাম জয়াপাৰ আৰু দক্ষিন পাৰটোক ঢুলীয়াপাৰ বোলা হয় ৷
শিৱসাগৰ  পুখুৰীৰ পাৰত থকা শিৱ দ'ল অসমৰ ভিতৰতে আটাইতকৈ ওখ আৰু ডাঙৰ দ'ল ৷এই দ,লৰ উচ্চতা ১২০ হাত আৰু মেৰে ১৩০ হা৩ ৷
শিৱ দ'লৰ পূৱত থকা মন্দিৰটোৰ নাম বিষ্ণু দ'ল ৷ বিষ্ণু দ'লটো শিৱ দ'লতকৈ সৰু যদিও দেখিবলৈ ধুনীয়া ৷বিষ্ণু দ'লৰ উচ্চতা ৪০ হাত আৰু মেৰে ৮০ হা৩ ৷
শিৱ দ'লৰ পশ্চিমে আছে দেৱী দ'ল ৷এই দ'লৰ উচ্চতা আৰু মেৰে বিষ্ণু দ'ল সমান ৷

2 comments:

  1. অকমান বহলাই লিখিলে ভাল হয়

    ReplyDelete
  2. My teacher said to me that Ambika made "শিৱসাগৰ পুখুৰী" for God Shiva.

    ReplyDelete