অসমৰ প্ৰাচীন ঠাইসমূহৰ ভিতৰত শিৱসাগৰ নগৰ অন্যতম ৷কাৰণ এসময়ত শিৱসাগৰ অসমৰ প্ৰাণকেন্দ্ৰ আছিল ৷ আহোম স্বৰ্গদেওসকলে ইয়াৰ পৰাই সমগ্ৰ অসম শাসন কৰিছিল ।
পুৰণা ৰংপুৰ নগৰৰ গাতে লাগি আছে শিৱসাগৰ নগৰ । স্বৰ্গদেও শিৱ সিংহৰ পত্নী অম্বিকা কুঁৱৰীয়ে ১৬৫৫-৫৬শকত কলঞ্চুপৰীয়া বুঢ়াগোহাঞি ৱাৰীত এটা বৃহৎ নিৰ্মল পানীৰ পুখুৰী খন্ধোৱাই তাৰ পাৰতে শিৱদ'ল, বিষ্ণুদ'ল আৰুু দেৱীদ'ল নিমাণ কৰি ঠাইখনৰ নাম থৈছিল শিৱপুৰ ৷১৮২৬ চনত অসম বৃটিছৰ অধীন হোৱাৰ লগে লগে এই প্ৰাচীন সমৃদ্ধিশালী নগৰখনো বৃটিছৰ অধীন হয় ৷বৃটিছৰ লগতঅহা বঙালী আমোলাসকলে ইয়াৰ বৃহৎ পুখুৰীটোক সাগৰ বুলি কৈছিল ৷সেয়ে পৰৱৰ্তী কালত শিৱপুৰৰ ঠাইত শিৱসাগৰ নামেৰে পৰিচিত হৈ পৰিল ৷কালক্ৰমত এই শিৱসাগৰ নগৰখনৰ নামেৰেই জিলাখনৰ নামো শিৱসাগৰ হ'ল ৷
No comments:
Post a Comment